Show/Hide Keyboard Layout

সৃষ্টিৰ সোপানত

- মিণ্টু কুমাৰ নাথ

সৃষ্টিৰ সোপানত এখোজ দুখোজে

যাম আগুৱাই আমি

যাম আগুৱাই যাম ।

হেঁপাহৰ প্ৰাণৰে দলিচা পাৰি আমি

বিজয়ৰ গীতি গাই যাম

যাম আগুৱাই যাম

নৱ-নৱ কাঁচোনেৰে কাঁচি অসমীক

সুনিমল সেউজ সজাম

নৱ-নৱ কুসুমৰ ৰূপ মাধুৰী

অসমীৰ বুকুত বুলাম ।

সৃষ্টিৰ ...

 

তোমাৰ বুকুতেই স্বদেশৰ বাবে

শ্বহীদৰ কত প্ৰাণ গ’ল,

তোমাৰ বুকুতেই স্বজাতিৰ বাবে

ইতিহাস সূচনা হ’ল ।

আদৰ্শৰে যুঁজি লাচিত ফুকন

দেহতে নৰিয়া গা

দেহতে নৰিয়া গা

চিৰনমস্য আলোকস্তম্ভ

বীৰ-বীৰাঙ্গনাৰে সমাদৃত

তেনে আদৰ্শৰ চিৰ জ্যোতিক

যাঁচিলো শ্ৰদ্ধাঞ্জলি ।

সৃষ্টিৰ ...

 

উৰুখা পঁজা আজি

জ্বলি পুৰি ছাঁই হ'ল

ভাবিলে বুকু বিষায়

সংস্কৃতিৰ জৰী

টুকুৰা টুকুৰ কৰি

ল’লে যে নিজে বিলায়

জাগা আই অসমী আই

জাগা মোৰ চেনেহী আই

আ ... আ ... আ ...

সৃষ্টিৰ ...

Hits: 2562